top of page

Search Results

77 results found with an empty search

  • জানেনে তগৰ ফুলৰো আছে বহু ঔষধি গুণ

    জানেনে তগৰ ফুলৰো আছে বহু ঔষধি গুণ গোন্ধ যুক্ত তগৰ ফুল সকলোৱে চিনি পায়| তগৰ, গোলাপ, খৰিকাজাঁই ফুল বসন্ত কালৰ আৰম্ভনিৰ পৰা ফুলে| এই তগৰ ফুলৰ সৌন্দৰ্যৰ লগতে ইয়াৰ ঔষধি গুণো বহুত| মেদৰোগ বা অতিপাত শকত হোৱা ৰোগত তগৰ ফুলৰ ঔষধি গুণ আশ্চৰ্যজনক|ব’হাগ অহাৰ লগে লগে অসমত বিশেষ হৈ পৰে তগৰ ফুল। তগৰ ফুলৰো আছে বহু ঔষধি গুণ। তগৰ ফুলৰ গোন্ধতো আছে বিশেষ মাদকতা।কোনো মানুহৰ বা মহিলাৰ বা ল’ৰা-ছোৱালীৰ মেদবহুলতাত ভুগিলে নানা ধৰণৰ ঔষধ ব্যৱহাৰ কৰা দেখা যায়| কোনো মহিলা বা যুৱক-যুৱতীৰ পেট, নিতম্ব, স্তন, ভৰি-হাত আদিত অধিক চৰ্বি হয়,মেদৰ পৰিমাণো আধিক্য হয়| এই মেদৰোগত ৰোগীৰ ক্লান্তিবোধ হয়, কাম-কাজ কৰাৰ প্ৰতি অনীহা হয় অথচ ভোক বাঢ়ে| এনেক্ষেত্ৰত তগৰ ফুলৰ গছৰ শিপা ১ গ্ৰাম পৰিমাণে লৈ সেইখিনি থেতালি আধাকাপ পানীত উতলাই চেকি ঠাণ্ডা হ’লে সেই ক্কাথ খিনি দিনে দুবাৰকৈ কিছুদিন অৰ্থাৎ ১৫ দিন খাব লাগে| মেদ বা চৰ্বি লাহে লাহে কমি যাব|

  • পদিনা পাতৰ সহায়ত কমাব পাৰি পেটৰ চৰ্বি...

    পদিনা পাতৰ সহায়ত কমাব পাৰি পেটৰ চৰ্বি শৰীৰত চৰ্বি বৃদ্ধি হোৱাটো বৰ্তমান সকলোৱে এক চিন্তনীয় বিষয় বুলি ভাৱে। বিশেষকৈ পেটত বৃদ্ধি হোৱা চৰ্বিয়ে মহিলা সকলক চিন্তাত পেলায়। চৰ্বি কমিবৰ বাবে বিভিন্ন ব্যৱস্থাও গ্ৰহণ কৰা দেখা যায়। বহু লোকে ডাক্তৰৰ পৰামৰ্শ লয়। কিছু লোকে আকৌ ঘৰুৱা উপায়েৰে চৰ্বি কমাব পাৰি নেকি তাৰো চেষ্টা কৰে। এনে কিছুমান ঘৰুৱা কৌশল আছে যাৰ জৰিয়তে চৰ্বি অতি সহজতেই কমাব পাৰি। বিশেষকৈ কিছুমান খাদ্যই চৰ্বি কমোৱাত সহায় কৰে। চৰ্বি কমাবৰ বাবে আপুনি ব্যৱহাৰ কৰিব পাৰে পদিনা পাতক। পদিনাৰৰ এনে কিছুমান ঔষধী গুণ আছে যাৰ বাবে সেৱন কৰিলে আপোনাৰ শৰীৰৰ পৰা চৰ্বি নাইকীয়া হয়। পদিনা খালে ভোক নিয়ন্ত্ৰণত থাকে যাৰ বাবে ভোক নিয়ন্ত্ৰণত থাকে। লগতে পদিনা পাতে ওজন কমোৱাত সহায় কৰে পানীত পদিনা পাত দি সেই পাত ১০ ৰ পৰা ১৫ মিনিট উতলাই সেই পানী সেৱন কৰিব পাৰে। সেই পানী খিনিৰ লগত নেমু ৰস আৰু নিমখ মিহলাই খালেও চৰ্বি কমাত সহায় হয় মুঠৰ ওপৰত পদিনা পাতে আপোনাৰ শৰীৰত বহু উপকাৰ সাধন কৰে। খালী পেটত পদিনা সেৱন কৰক আৰু সুস্থ থাকক।

  • ভাৰতৰ শৰণাপন্ন হ’বলৈ সাজু বাংলাদেশ!

    ভাৰতৰ শৰণাপন্ন হ’বলৈ সাজু বাংলাদেশ! ভাৰতক নিন্দা কৰা বাংলাদেশে এতিয়া ভাৰতক কাকুতি-মিনতি কৰি ভৰিত ধৰিছে। প্ৰধানমন্ত্ৰী মোদী আৰু মহম্মদ ইউনুছক সাক্ষাৎ কৰোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে বাংলাদেশে। কিন্তু ইয়াৰ বাবে ভাৰতৰ পক্ষৰ পৰা এতিয়ালৈকে কোনো সন্মতি দিয়া হোৱা নাই।বাংলাদেশে ভাৰতক অনুৰোধ জনাইছে যে, এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত মহম্মদ ইউনুছ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত দ্বিপাক্ষিক বৈঠকৰ আয়োজন কৰক। ভাৰতক নিন্দা কৰি অহা বাংলাদেশৰ হাতত এতিয়া যেন আন একো উপায় নাই।অৱশ্যে ভাৰতীয় পক্ষৰ পৰা এতিয়ালৈকে ইয়াৰ বাবে কোনো সন্মতি দিয়া নাই। ইয়াৰ পূৰ্বেও বাংলাদেশ চৰকাৰে প্ৰধানমন্ত্ৰী মোদী আৰু মহম্মদ ইউনুছৰ মাজত বৈঠকৰ ইচ্ছা প্ৰকাশ কৰিছিল যদিও ভাৰতে বিষয়টোত গুৰুত্ব দিয়া নাছিল।জয়শংকৰে টুইট কৰি কয় যে, তেওঁ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহীদ হুছেইনক সাক্ষাৎ কৰে। তেওঁ কয় যে, কথা-বতৰা আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ লগতে (BIMSTEC) ৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছিল। বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়েও এক বিবৃতি প্ৰকাশ কৰি কয় যে, দুয়োপক্ষই পাৰস্পৰিক চিন্তা আৰু স্বাৰ্থৰ বিভিন্ন দ্বিপাক্ষিক বিষয়ত আলোচনা কৰে।শেহতীয়াকৈ মহম্মদ ইউনুছে শ্বেখ হাছিনাৰ দল সন্দৰ্ভত এটা ডাঙৰ বিবৃতি দিছিল। তেওঁ কৈছিল যে, আৱামী লীগ নিষিদ্ধ কৰাৰ কোনো পৰিকল্পনা নাই। অভ্যুত্থানৰ পাছত অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে ভাৰতৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰিছিল যদিও এতিয়া ভাৰতৰ সন্মুখত তেওঁৰ সকলো ক্ষমতা উদঙাই দিয়া হৈছে। ইয়াৰ লগতে লগে সলনি হৈছে ইউনুছৰ সুৰ। যিগৰাকী শ্বেখ হাছিনাক লৈ তেওঁ ভাৰতৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল আৰু এতিয়া সেই বিষয়ক লৈ ভাৰতক কাতৰ অনুৰোধ কৰা দেখা গৈছে।

  • কচুশাক কিমান উপকাৰী জানেনে ?ইয়াত কি কি গুণ আছে জানক…

    কচুশাক কিমান উপকাৰী জানেনে ?ইয়াত কি কি গুণ আছে জানক… কচুশাক স্বাস্থ্যৰ বাবে খুবেই উপকাৰী সেয়ে ইয়াক বহুলোকে খায়, কিন্তু আপুনি জানেনে ইয়াত এনে কিছুমান উপকাৰিতা লুকাই আছে যাৰ বিষয়ে জানিলে আপুনিও আচৰিত হৈ পৰিব ৷আজি আমি আলোচনা কৰিম কচুৰ উপকাৰিতাৰ বিষয়ে ৷ ই স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কথাই হওক বা চকুক সুস্থ কৰি ৰখাৰ দিশতে হওক, কচু প্ৰতিটো ক্ষেত্ৰতে এবিধ অতি উপকাৰী শাক ৷যিকোনো খাদ্য সামগ্ৰী যদিও উৎকৃষ্ট গুনেৰে ভৰপূৰ তথাপি কোনো কোনো ৰোগত সি অপথ্যও হব পাৰে। কচু নিৰোগী সকলো লোকৰ বাবে খুবেই উপকাৰী। কিন্তু কিছুমান ৰোগত অপকাৰী।কচু শাকত শৰীৰৰ বাবে প্ৰয়োজনীয় কেইবাটাও উপাদান থাকে । আমাৰ অসমীয়া পৰম্পৰাগত খাদ্যত কচু শাক বিশেষভাৱে ব্যৱহাৰ কৰা হয় । অসমীয়া সমাজৰ পৰম্পৰাগত কচু শাকৰ আঞ্জাৰ জুতি এবাৰ ল'লে, সেই জুতি কেতিয়াও পাহৰিব নোৱাৰে।প্ৰচুৰ পৰিমাণে ভিটামিন A থকাৰ বাবে চকুৰ বাবে খুবেই উপকাৰী।দৃষ্টিশক্তিৰ দুৰ্বলতা, কেটেৰেক্ট আদি হোৱাৰ পৰা চকুক ৰক্ষা কৰাত সহায় কৰে। ৰক্তহীনতা anaemia) ৰোগত কচু উপকাৰী কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ,ভিটামিন B6 আৰু ফলেট( folate) থাকে। কলেষ্টৰলৰ সমস্যা থাকিলে কচু শাক খালে সুফল পোৱা যায়।ইয়াত থকা মিথিয়নিন(methionine) আৰু আহে(dietary fiber) কলেষ্টৰল আৰু ট্ৰাইগ্লিচাৰাইড (triglyceride) নিয়ন্ত্ৰণ কৰাত সহায় কৰে। উচ্চ ৰক্তচাপ আৰু হাৰ্টৰ বিভিন্ন ৰোগত কচু শাক উপকাৰী। ইয়াত থকা পতাচিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে ।আৰু ইয়াত থকা ভিটামিন B6 এ হ'ম'চিষ্টিন (homocystine) নামৰ যৌগ বিধৰ নিয়ন্ত্ৰণ কৰি হাৰ্টৰ বিভিন্ন ৰোগ আৰু স্ট্রোক(stroke) হোৱাত বাধা প্ৰদান কৰে। ইয়াত থকা কেলচিয়ামে আমাৰ হাড় আৰু দাঁত মজবুত ৰখাত সহায় কৰে।ওজন নিয়ন্ত্ৰণতো কচু উপকাৰী বুলি প্ৰমাণিত হয় ৷ ইয়াত থকা আঁহে বিপাকীয় ক্ৰিয়া সক্ৰিয় কৰে, যিয়ে ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷কচু নিৰোগী সকলো লোকৰ বাবে খুবেই উপকাৰী। কিন্তু কিছুমান ৰোগত অপকাৰী। যেনে: কিডনি ষ্টোন হলে কচু খোৱা অনুচিত। কিয়নো ইয়াত থকা প্ৰচুৰ পৰিমাণৰ কেলচিয়াম অক্সলেটে(calcium oxalate) পাথৰ ডাঙৰ হোৱাত সহায় কৰে। বেছিভাগ কিডনী স্টোন অক্সলেট স্টোন হয়।সেয়েহে পাথৰ হোৱা ৰোগীয়ে কচু খোৱা অনুচিত। নিৰোগী লোকেও অত্যাধিক পৰিমানে কচু নোখোৱা ভাল। অন্যথা কিডনী পাথৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।এলাৰ্জি জনীত বহু ৰোগত কচু অপথ্য। কাৰণ তেনে অৱস্থাত ৰোগৰ উপদ্ৰৱ বৃদ্ধি হব পাৰে।তদুপৰি কিছুমান লোকৰ কচু খালেও এলাৰ্জী হয়।গতিকে এলাৰ্জি হোৱাৰ সময়ত কচু নাখাব।

  • কিয় তিতা কেৰেলা খাব লাগে ?তিতা কেৰেলাৰ ঔষধি গুণ আৰু উপকাৰিতা

    কিয় তিতা কেৰেলা খাব লাগে ?তিতা কেৰেলাৰ ঔষধি গুণ আৰু উপকাৰিতা তিতা কেৰেলাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে ছালৰ বাবেও ই অতি উপকাৰী । আমাৰ অসমীয়া সমাজত প্ৰচলিত ধাৰণা অনুসৰি, বসন্ত কাল অহাৰ লগে লগে বিভিন্ন ৰোগৰ সংক্ৰমণ বৃদ্ধি পায় । এই সংক্ৰমণৰ ৰোধ কৰাৰ ক্ষেত্ৰত তিতা কেৰেলা অতি উপকাৰী বুলি কোৱা হয় ।তিতা কেৰেলা আমাৰ মাজত অতি জনপ্ৰিয় যদিও ইয়াক আগতে ভাৰতত পোৱা নাছিল, প্ৰথমে আফ্ৰিকাত পোৱা গৈছিল। আফ্ৰিকাৰ খৰালি কালত কুং চিকাৰীৰ বাবে তিতা কেৰেলা আছিল প্ৰধান খাদ্য। সময়ৰ লগে লগে সমগ্ৰ এছিয়াত এই তিতা কেৰেলা বিয়পি পৰিল আৰু মানুহে ইয়াৰ উপকাৰৰ বিষয়েও জানিবলৈ ধৰিলে। যদি আপুনি দৈনিক তিতা সেৱন কৰে, তেন্তে বহু ধৰণৰ ৰোগ আপোনাৰ পৰা আঁতৰত থাকিব। ডায়েবেটিছ ৰোগীৰ বাবে তিতা কেৰেলা ঔষধতকৈ কম নহয়। ই ইনচুলিনৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। পেটৰ লগত জড়িত ৰোগবোৰো তিতা খালে ভাল হয়। লিভাৰ-এজমা ৰোগীয়ে তিতা কেৰেলা খাব লাগে। তিতা খোৱাৰ ফলতো কোষ্ঠকাঠিন্য, বদহজম আৰু এচিডিটিৰ সমস্যা নহয়। তিতা কেৰেলাত প্ৰটিন, কাৰ্বহাইদ্ৰেট, ফেট, ফাইবাৰ, ভিটামিন এ, বি ১, বি ২, চি, কেলচিয়াম, আইৰণ, মেগনেছিয়াম, ফছফৰাছ, জিংক আৰু পটাছিয়াম আদি পুষ্টিকৰ উপাদান থাকে। গ্লুকজ আৰু চৰ্বি শক্তিলৈ ৰূপান্তৰিত কৰিবলৈ ভিটামিন বি ১ আৰু বি ২ প্ৰয়োজনীয়। ডায়েবেটিছ ৰোগীৰ বাবে ই এক মূল্যৱান খাদ্য। অধ্যয়নত দেখা গৈছে যে তিতা কেৰেলা সেৱন কৰিলে তেজত গ্লুকজৰ মাত্ৰা হ্ৰাস পায় আৰু গ্লাইচেমিক নিয়ন্ত্ৰণৰ (glycemic control) উন্নতি ঘটে। ইয়াৰ কাৰণ হৈছে চেৰেন্টিন (charantin), ভিচিন (vicine), পলিপেপটাইড-পি আদি যৌগ কেৰেলাত থাকে, যিবোৰৰ ইনচুলিনৰ দৰে গুণ আছে বুলি বিশ্বাস কৰা হয়।

  • চয়াবিনৰ উপকাৰিতাৰ বিষয়ে জানিলে আপুনি আচৰিত হ'ব

    চয়াবিনৰ উপকাৰিতাৰ বিষয়ে জানিলে আপুনি আচৰিত হ'ব চয়াবিন হৈছে এবিধ পুষ্টিকৰ খাদ্য যিয়ে আমাৰ শৰীৰত পুষ্টি প্ৰদান কৰে। চয়াবিনক সকলোৱে সৰুতে হাড় নথকা মাংস বুলি ভাবিছিল বা ৰান্ধি খাইছিল এই চয়াবিনক যদিও হাড় নথকা মাংস বুলি সেৱন কৰিছিল এই চয়াবিনৰ আছে বহু উপকাৰী গুণ। আমাৰ শৰীৰক শক্তি যোগান ধৰাৰ এবিধ প্ৰধান খাদ্য চয়াবিন । আমাৰ শৰীৰত সহজেই দেখা দিয়া আঠুৰ বিষ, ডিঙিৰ বিষ, গাৰ বিষ আদিৰ ক্ষেত্ৰতো চয়াবিন ফলপ্ৰসু। চিকিৎসকৰ মতে সপ্তাহত আমি বহু পৰিমানে চয়াবিন খাব লাগে। সপ্তাহত কমেও ৩০ পৰা ৫০ গ্ৰাম চয়াবিন খালে আমাৰ হাড় মজবুত হয়। চয়াবিনত আইছ'ফ্লেভন আৰু লেচিথিন থাকে । দুয়োটা উপাদানেই শক্তিশালী এন্তিঅক্সিজেন্ট। যিয়ে আমাৰ শৰীৰৰ বিভিন্ন সমস্যাৰ সৈতে যুঁজ দিয়াত সহায় কৰে। ইয়াৰ উপৰিও মহিলাসকলৰ মাহেকীয়া সমস্যাৰ বাবে ছয়াবিন বহু উপকাৰী সেয়ে চয়াবিন সেৱন কৰক আৰু শৰীৰত অধিক পুষ্টি লাভ কৰক...

  • ১৯ মাৰ্চঃ অপেক্ষাৰ অন্ত পেলাই পৃথিৱীপৃষ্ঠ পালে দুই মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু উইলম’ৰ।

    ১৯ মাৰ্চঃ অপেক্ষাৰ অন্ত পেলাই পৃথিৱীপৃষ্ঠ পালে দুই মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু উইলম’ৰ। নিউজ ডেস্ক, ১৯ মাৰ্চঃ অপেক্ষাৰ অন্ত পেলাই পৃথিৱীপৃষ্ঠ পালে দুই মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু উইলম’ৰ। মহাকাশত প্ৰায় ৯ মাহ কাল কটোৱাৰ পিছত স্পেচএক্স ড্ৰেগন মহাকাশযানেৰে ধৰাত উপস্থিত হয় মহাকাশচাৰীদ্বয়। ভাৰতীয় সময় অনুসৰি ৩.২৭ বজাত ফ্ল’ৰিডাৰ উপসাগৰীয় উপকূলৰ পৰা নিৰাপদে অৱতৰণ কৰে ইলন মাস্কৰ স্পেচএক্স ড্ৰেগন। মঙলবাৰে পুৱা ৮:১৫ বজাত বন্ধ কৰা হৈছিল স্পেচএক্সৰ দুৱাৰ। উল্লেখযোগ্য যে, ২০২৪ৰ ৫ জুনত ৮ দিনৰ বাবে মহাকাশলৈ গৈছিল সুনীতা উইলিয়াম আৰু বাচ্চ উইলম’ৰ। কিন্তু মহাকাশযানত হোৱা বিজুতিৰ বাবে ধৰালৈ উভতিব পৰা নাছিল দুই মহাকাশচাৰী । ৮ মাহ ধৰি মহাকাশত আৱদ্ধ হৈ থকা মহাকাশচাৰী দুগৰাকীক অৱশেষত ইলন মাস্কৰ সহযোগত পৃথিৱীলৈ উভতাই অনা হয়।

  • জানিলে আচৰিত হ'ব আপুনি,নাৰ্জী ফুলৰ ঔষধি গুণৰ বিষয়ে !

    জানিলে আচৰিত হ'ব আপুনি,নাৰ্জী ফুলৰ ঔষধি গুণৰ বিষয়ে ! ছালখন শুকান হৈ পৰিলে খজুৱতিৰ সমস্যা হোৱাটো একেবাৰেই স্বাভাৱিক হৈ পৰে। খৰ-খজুৱতিৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতেই বিভিন্ন ঔষধ ব্যৱহাৰ কৰে যদিও ইয়াৰ সুফল লাভ নকৰে।যদি আপুনিও ঔষধ ব্যৱহাৰ কৰি খৰ-খজুৱতিৰ পৰা সকাহ পোৱা নাই, তেন্তে আপুনি অতি সহজলভ্য নাৰ্জী ফুল ব্যৱহাৰ কৰিব পাৰে।নাৰ্জী ফুলৰ পাতবোৰে ঔষধি গুণাগুণৰে সমৃদ্ধ বাবে বিভিন্ন লাভালাভ প্ৰদান কৰে। বিশেষকৈ পৰম্পৰাগত ঔষধত তেওঁলোকৰ প্ৰদাহ-প্ৰতিৰোধী, এণ্টিচেপ্টিক, আৰু এণ্টিমাইক্ৰোবাইল গুণাগুণৰ বাবে মূল্য দিয়া হয়। নাৰ্জী ফুলৰ পাতবোৰ প্ৰায়ে ছালৰ বিভিন্ন স্থিতি যেনে কটা, আঘাত, চোকোৰা, আৰু সামান্য পোৰা ছালৰ চিকিৎসাৰ বাবে সাময়িকভাৱে ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও, নাৰ্জী ফুলৰ পাতত ফ্লেভোনইড আৰু কেৰোটিনইডৰ দৰে এণ্টিঅক্সিডেণ্ট থাকে, যি কোষবোৰক মুক্ত ৰেডিকেলৰ দ্বাৰা হোৱা ক্ষতিৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে আৰু ছালৰ সামগ্ৰিক স্বাস্থ্যত অৰিহণা যোগাব পাৰে।নাৰ্জীফুল সাধাৰণতে ঘৰত আৰু উদ্যানৰ শোভা বৰ্ধনৰ বাবে লগোৱা হয়। ই প্ৰায় প্ৰতিঘৰ মানুহৰ চৌহদতে পোৱা যায়। নাৰ্জী ফুল বীজাণুনাশক। হালধীয়া, চকলেট ৰঙৰ মাজত হালধীয়া থকা আদি ৰঙৰ নাৰ্জী ফুল পোৱা যায়। কিছুমান নাৰ্জী ফুল ডাঙৰ আৰু কিছুমান সৰু। ইয়াৰ কিছুমান ঔষধি গুণ এনেধৰণৰ- অৰ্শ ৰোগত নাৰ্জী ফুলৰ ৰস উপকাৰী। কটা-ছিঙা ঘাত নাৰ্জী ফুলৰ পাতৰ ৰস লগালে তেজ ওলোৱা বন্ধ হয় আৰু সোনকালে শুকায়। শীতকালত হাত-ভৰিৰ ছাল শুকান হৈ পৰে আৰু খজুৱালে বগা বগা গুড়িৰ নিচিনা ওলায়। নাৰ্জী ফুলৰ পাতৰ ৰসৰ লগত ভেচলিন মিহলাই লগালে ছাল নিমজ হৈ পৰে। নাৰ্জী ফুলৰ পাত গৰম পানীত সিজাই সেই ৰসেৰে কুলকুলি কৰিলে দাঁতৰ বিষ কমে। ১৯৯০ৰ দশকৰ পৰা ভাৰতৰ লগতে অসমত বাণিজ্যিকভাৱে নাৰ্জী ফুলৰ খেতি কৰি অহা হৈছে। উজনি অসমৰ বিশেষকৈ ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, লখিমপুৰ আৰু মধ্য অসমৰ জিলাকেইখনত নাৰ্জী খেতি কৰা হয়। অসমীয়াত নাৰ্জী ফুলক গেন্ধালি, গেন্ধাই, জাৰমালতী, গোন্ধ-মালতী আদি বিভিন্ন নামেৰে জনা যায়।

  • অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তিৰ লিখিত পৰীক্ষাৰ স্থগিতকেতিয়া হ'ব পৰীক্ষা জানক সবিশেষ...

    অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তিৰ লিখিত পৰীক্ষা স্থগিত পিছুৱাই দিয়া হ'ল অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তিৰ লিখিত পৰীক্ষা। আজি এডমিট কাৰ্ড জাৰি কৰাৰ কথা আছিল যদিও পৰীক্ষা আৰু এডমিট কাৰ্ড জাৰি স্থগিত ৰাখি নতুন দিন ঘোষণা কৰে বিভাগীয় কৰ্তৃপক্ষই।উল্লেখযোগ্য যে এডমিট কাৰ্ড ১৭ মাৰ্চৰ পুৱা অৰ্থাৎ আজি ১১ বজাত জাৰি কৰিব লগা কথা আছিল যদিও এতিয়া এয়া মুকলি কৰা নহয়। অসম ৰাজ্যিক আৰক্ষী নিযুক্তি ব’ৰ্ডে পৰীক্ষা আৰু এডমিট কাৰ্ড জাৰি কৰা তাৰিখ স্থগিত কৰাৰ লগতে নতুন দিন ঘোষণা কৰে।অধিসূচনা অনুসৰি ২৩ মাৰ্চৰ পৰিৱৰ্তে ৬ এপ্ৰিলত অসম আৰক্ষী কনিষ্টবলৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব আৰু ১ এপ্ৰিলত এডমিট কাৰ্ড মুকলি কৰা হ’ব। ব’ৰ্ডৰ মতে, প্ৰশাসনিক কাৰণত পৰীক্ষাৰ তাৰিখ সলনি কৰা হৈছে। ১ এপ্ৰিলৰ পুৱা ১১ বজাত এডমিট কাৰ্ড মুকলি কৰা হ’ব।

  • আপোনাৰো ৰাতিপুৱা ভাগত কুহুমীয়া গৰম পানী খোৱাৰ অভ্যাস আছে নেকি?

    গৰম পানীৰ লগত আৰু আপুনি কি মিহলি কৰি খায়? আপোনাৰো ৰাতিপুৱা ভাগত কুহুমীয়া গৰম পানী খোৱাৰ অভ্যাস আছে নেকি?গৰম পানীৰ লগত আৰু আপুনি কি মিহলি কৰি খায়?আপুনি জানিলে আচৰিত হ'ব,আজি এনে এবিধ উপকৰণৰ কথা ক:ব বিচাৰিছোঁ যাৰ গুণাগুণৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনিও।হয়,বহু বিশেষজ্ঞৰ মতে জিৰা আৰু হালধি একেলগে পানীত মিহলাই খোৱাৰ আছে বহু উপকাৰিতা। আজি এই প্ৰতিবেদনৰ জৰিয়তে ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক------- সকলোৰে ঘৰে ঘৰে উপলব্ধ হালধী আৰু জিৰা।আমাৰ অসমীয়া সমাজত এই দুয়োবিধক মছলা হিচাপে ব্যৱহাৰ কৰা হয় ৷খাদ্য প্ৰস্তুত কৰাৰ সময়ত এই মছলা দুবিধ প্ৰায় আমি ব্যৱহাৰ কৰো।কিন্তু আপুনি জানেনে এই মছলা দুবিধত থকা স্বাস্থ্যকৰ উপাদানে বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে ৷ অসমীয়া লোকসকলে বিভিন্ন ৰোগৰ ঔষধ হিচাপেও হালধি ব্যৱহাৰ কৰে ৷ যদি আপুনি হালধিৰ লগত পানী মিহলি কৰি ৰাতিপুৱা খায় তেন্তে হালধিত থকা প্ৰদাহ নিবাৰণকাৰী গুনে আপোনাৰ পাচনতন্ত্ৰৰ বাবে উপকাৰী হৈ পৰে ৷ ই পেটৰ প্ৰদাহ কমায় আৰু পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে ৷জিৰা আৰু হালধিত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে ৷ ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে ৷ লগতে হালধিত থকা কাৰকুমিনয়ে বহু ধৰণৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে ৷হালধিত এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ আছে, যিয়ে ছালৰ সমস্যা দূৰ কৰাত সহায় কৰে ৷

Subscribe to Our Newsletter

  • White Facebook Icon

© 2035 by PB Sangabd. Powered and secured by PB Sangbad

bottom of page