কিয় তিতা কেৰেলা খাব লাগে ?তিতা কেৰেলাৰ ঔষধি গুণ আৰু উপকাৰিতা
- PB Sangbad
- Mar 20
- 1 min read

তিতা কেৰেলাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে ছালৰ বাবেও ই অতি উপকাৰী । আমাৰ অসমীয়া সমাজত প্ৰচলিত ধাৰণা অনুসৰি, বসন্ত কাল অহাৰ লগে লগে বিভিন্ন ৰোগৰ সংক্ৰমণ বৃদ্ধি পায় । এই সংক্ৰমণৰ ৰোধ কৰাৰ ক্ষেত্ৰত তিতা কেৰেলা অতি উপকাৰী বুলি কোৱা হয় ।তিতা কেৰেলা আমাৰ মাজত অতি জনপ্ৰিয় যদিও ইয়াক আগতে ভাৰতত পোৱা নাছিল, প্ৰথমে আফ্ৰিকাত পোৱা গৈছিল। আফ্ৰিকাৰ খৰালি কালত কুং চিকাৰীৰ বাবে তিতা কেৰেলা আছিল প্ৰধান খাদ্য। সময়ৰ লগে লগে সমগ্ৰ এছিয়াত এই তিতা কেৰেলা বিয়পি পৰিল আৰু মানুহে ইয়াৰ উপকাৰৰ বিষয়েও জানিবলৈ ধৰিলে। যদি আপুনি দৈনিক তিতা সেৱন কৰে, তেন্তে বহু ধৰণৰ ৰোগ আপোনাৰ পৰা আঁতৰত থাকিব। ডায়েবেটিছ ৰোগীৰ বাবে তিতা কেৰেলা ঔষধতকৈ কম নহয়। ই ইনচুলিনৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। পেটৰ লগত জড়িত ৰোগবোৰো তিতা খালে ভাল হয়। লিভাৰ-এজমা ৰোগীয়ে তিতা কেৰেলা খাব লাগে। তিতা খোৱাৰ ফলতো কোষ্ঠকাঠিন্য, বদহজম আৰু এচিডিটিৰ সমস্যা নহয়। তিতা কেৰেলাত প্ৰটিন, কাৰ্বহাইদ্ৰেট, ফেট, ফাইবাৰ, ভিটামিন এ, বি ১, বি ২, চি, কেলচিয়াম, আইৰণ, মেগনেছিয়াম, ফছফৰাছ, জিংক আৰু পটাছিয়াম আদি পুষ্টিকৰ উপাদান থাকে।
গ্লুকজ আৰু চৰ্বি শক্তিলৈ ৰূপান্তৰিত কৰিবলৈ ভিটামিন বি ১ আৰু বি ২ প্ৰয়োজনীয়। ডায়েবেটিছ ৰোগীৰ বাবে ই এক মূল্যৱান খাদ্য। অধ্যয়নত দেখা গৈছে যে তিতা কেৰেলা সেৱন কৰিলে তেজত গ্লুকজৰ মাত্ৰা হ্ৰাস পায় আৰু গ্লাইচেমিক নিয়ন্ত্ৰণৰ (glycemic control) উন্নতি ঘটে। ইয়াৰ কাৰণ হৈছে চেৰেন্টিন (charantin), ভিচিন (vicine), পলিপেপটাইড-পি আদি যৌগ কেৰেলাত থাকে, যিবোৰৰ ইনচুলিনৰ দৰে গুণ আছে বুলি বিশ্বাস কৰা হয়।
Comments