top of page

পদিনা পাতৰ সহায়ত কমাব পাৰি পেটৰ চৰ্বি...

  • PB Sangbad
  • Mar 24
  • 1 min read

পদিনা পাতৰ সহায়ত কমাব পাৰি পেটৰ চৰ্বি
পদিনা পাতৰ সহায়ত কমাব পাৰি পেটৰ চৰ্বি

শৰীৰত চৰ্বি বৃদ্ধি হোৱাটো বৰ্তমান সকলোৱে এক চিন্তনীয় বিষয় বুলি ভাৱে। বিশেষকৈ পেটত বৃদ্ধি হোৱা চৰ্বিয়ে মহিলা সকলক চিন্তাত পেলায়। চৰ্বি কমিবৰ বাবে বিভিন্ন ব্যৱস্থাও গ্ৰহণ কৰা দেখা যায়। বহু লোকে ডাক্তৰৰ পৰামৰ্শ লয়। কিছু লোকে আকৌ ঘৰুৱা উপায়েৰে চৰ্বি কমাব পাৰি নেকি তাৰো চেষ্টা কৰে।


এনে কিছুমান ঘৰুৱা কৌশল আছে যাৰ জৰিয়তে চৰ্বি অতি সহজতেই কমাব পাৰি। বিশেষকৈ কিছুমান খাদ্যই চৰ্বি কমোৱাত সহায় কৰে।

চৰ্বি কমাবৰ বাবে আপুনি ব্যৱহাৰ কৰিব পাৰে পদিনা পাতক। পদিনাৰৰ এনে কিছুমান ঔষধী গুণ আছে যাৰ বাবে সেৱন কৰিলে আপোনাৰ শৰীৰৰ পৰা চৰ্বি নাইকীয়া হয়। পদিনা খালে ভোক নিয়ন্ত্ৰণত থাকে যাৰ বাবে ভোক নিয়ন্ত্ৰণত থাকে। লগতে পদিনা পাতে ওজন কমোৱাত সহায় কৰে


পানীত পদিনা পাত দি সেই পাত ১০ ৰ পৰা ১৫ মিনিট উতলাই সেই পানী সেৱন কৰিব পাৰে। সেই পানী খিনিৰ লগত নেমু ৰস আৰু নিমখ মিহলাই খালেও চৰ্বি কমাত সহায় হয়

মুঠৰ ওপৰত পদিনা পাতে আপোনাৰ শৰীৰত বহু উপকাৰ সাধন কৰে। খালী পেটত পদিনা সেৱন কৰক আৰু সুস্থ থাকক।

 
 
 

Comments


Subscribe to Our Newsletter

  • White Facebook Icon

© 2035 by PB Sangabd. Powered and secured by PB Sangbad

bottom of page