চয়াবিনৰ উপকাৰিতাৰ বিষয়ে জানিলে আপুনি আচৰিত হ'ব
- PB Sangbad
- Mar 20
- 1 min read

চয়াবিন হৈছে এবিধ পুষ্টিকৰ খাদ্য যিয়ে আমাৰ শৰীৰত পুষ্টি প্ৰদান কৰে। চয়াবিনক সকলোৱে সৰুতে হাড় নথকা মাংস বুলি ভাবিছিল বা ৰান্ধি খাইছিল এই চয়াবিনক যদিও হাড় নথকা মাংস বুলি সেৱন কৰিছিল এই চয়াবিনৰ আছে বহু উপকাৰী গুণ। আমাৰ শৰীৰক শক্তি যোগান ধৰাৰ এবিধ প্ৰধান খাদ্য চয়াবিন ।
আমাৰ শৰীৰত সহজেই দেখা দিয়া আঠুৰ বিষ, ডিঙিৰ বিষ, গাৰ বিষ আদিৰ ক্ষেত্ৰতো চয়াবিন ফলপ্ৰসু। চিকিৎসকৰ মতে সপ্তাহত আমি বহু পৰিমানে চয়াবিন খাব লাগে। সপ্তাহত কমেও ৩০ পৰা ৫০ গ্ৰাম চয়াবিন খালে আমাৰ হাড় মজবুত হয়।
চয়াবিনত আইছ'ফ্লেভন আৰু লেচিথিন থাকে । দুয়োটা উপাদানেই শক্তিশালী এন্তিঅক্সিজেন্ট। যিয়ে আমাৰ শৰীৰৰ বিভিন্ন সমস্যাৰ সৈতে যুঁজ দিয়াত সহায় কৰে। ইয়াৰ উপৰিও মহিলাসকলৰ মাহেকীয়া সমস্যাৰ বাবে ছয়াবিন বহু উপকাৰী
সেয়ে চয়াবিন সেৱন কৰক আৰু শৰীৰত অধিক পুষ্টি লাভ কৰক...
Comments