top of page

অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তিৰ লিখিত পৰীক্ষাৰ স্থগিতকেতিয়া হ'ব পৰীক্ষা জানক সবিশেষ...

  • PB Sangbad
  • Mar 18
  • 1 min read

অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তিৰ লিখিত পৰীক্ষা স্থগিত
অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তিৰ লিখিত পৰীক্ষা স্থগিত

পিছুৱাই দিয়া হ'ল অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তিৰ লিখিত পৰীক্ষা। আজি এডমিট কাৰ্ড জাৰি কৰাৰ কথা আছিল যদিও পৰীক্ষা আৰু এডমিট কাৰ্ড জাৰি স্থগিত ৰাখি নতুন দিন ঘোষণা কৰে বিভাগীয় কৰ্তৃপক্ষই।উল্লেখযোগ্য যে এডমিট কাৰ্ড ১৭ মাৰ্চৰ পুৱা অৰ্থাৎ আজি ১১ বজাত জাৰি কৰিব লগা কথা আছিল যদিও এতিয়া এয়া মুকলি কৰা নহয়। অসম ৰাজ্যিক আৰক্ষী নিযুক্তি ব’ৰ্ডে পৰীক্ষা আৰু এডমিট কাৰ্ড জাৰি কৰা তাৰিখ স্থগিত কৰাৰ লগতে নতুন দিন ঘোষণা কৰে।অধিসূচনা অনুসৰি ২৩ মাৰ্চৰ পৰিৱৰ্তে ৬ এপ্ৰিলত অসম আৰক্ষী কনিষ্টবলৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব আৰু ১ এপ্ৰিলত এডমিট কাৰ্ড মুকলি কৰা হ’ব। ব’ৰ্ডৰ মতে, প্ৰশাসনিক কাৰণত পৰীক্ষাৰ তাৰিখ সলনি কৰা হৈছে। ১ এপ্ৰিলৰ পুৱা ১১ বজাত এডমিট কাৰ্ড মুকলি কৰা হ’ব।

 
 
 

Comments


Subscribe to Our Newsletter

  • White Facebook Icon

© 2035 by PB Sangabd. Powered and secured by PB Sangbad

bottom of page