Search Results
154 results found with an empty search
- গুৰু-শিষ্যৰ সম্পর্কত কালিমা সানিলে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰূপী লম্পটে
গুৰু-শিষ্যৰ সম্পর্কত কালিমা সানিলে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰূপী লম্পটে গুৰু-শিষ্যৰ সম্পর্কত কালিমা সানিলে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰূপী লম্পটে । অভিযোগ অনুসৰি, নিজ বিদ্যালয়ৰে ছাত্ৰীৰ সৈতে ঘৃণনীয় কাণ্ড কৰিলে ইংৰাজীৰ শিক্ষক ৰফিকুল হুছেইনে । ১৩ বছৰীয়া কিশোৰীগৰাকীক যৌ*ন উৎপীড়ন মানৱৰূপী দানৱ শিক্ষক ৰফিকুল হুছেইনৰ । ন্যায় বিচাৰি ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় কতৃপক্ষৰ ওচৰত অভিযোগ আৰু ৰঙিয়া আৰক্ষী থানাত এজাহাৰ শিক্ষক ৰফিকুল হুছেইনৰ বিৰুদ্ধে । আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত শিক্ষক ৰফিকুল হুছেইনৰ সন্ধানত নামি পৰিছে । কিন্তু আৰক্ষীৰ উমান পাই পলাতক অভিযুক্ত শিক্ষক ৰফিকুল হুছেইন । এই জঘন্য ঘটনাই শিক্ষকৰ পূৰ্বৰ কাৰ্যকলাপকো পোহৰলৈ আনিছে । অভিযোগ উত্থাপিত হৈছে যে, শিক্ষক ৰফিকুল হুছেইনে দশক দশক ধৰি বিদ্যালয়খনৰ বহু ছাত্ৰীক নিৰ্যাতন চলাই আহিছে । কিন্তু লাজ, অপমান আৰু ভয়ৰ বাবে নিৰ্যাতিতাসকলে মুখ খোলা নাছিল । এইবাৰৰ ঘটনাই সেই নিৰৱতাক ভংগ কৰিছে আৰু সমাজত এক বৃহৎ আলোড়নৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী অনুসৰি, বুধবাৰে আবেলি ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপতে থকা এখন ফাৰ্মাছিৰ পৰা মেডিচিন ক্ৰয় কৰিবলৈ গৈছিল ছাত্ৰীগৰাকী । ফাৰ্মাছিখনৰ ভিতৰত পূৰ্বৰে পৰা খাপপিটি থকা শিক্ষক ছাত্ৰী গৰাকীক দেখাৰ লগে লগে ফাৰ্মাছিৰ ভিতৰলৈ মাতি নিয়ে । তাৰ পিছত ১৩ বছৰীয়া ছাত্ৰীগৰাকীক যৌ*ন উৎপীড়ন চলায় । কিশোৰীগৰাকীয়ে শিক্ষকৰূপী লম্পটৰ যৌ*ন নিৰ্যাতন সহিব নোৱাৰি কান্দি কান্দি দৌৰি পলায়ন কৰে । এই সমস্ত অভিযোগ ইতিমধ্যে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় কতৃপক্ষক দিছে যদিও বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰে । যাৰবাবে ভূক্তভোগী পৰিয়ালটোৱে ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । আৰক্ষীয়ে গোচৰটো গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰি লম্পট শিক্ষকৰ সন্ধানত অভিযান চলায় । ৰঙিয়া এছবিআই ৰঙিয়া শাখাই অভিযুক্ত শিক্ষকৰ ঘৰত অভিযান চলাই যদিও আৰক্ষীৰ উমান পাই পলায়ন কৰে শিক্ষক ৰফিকুল হুছেইনে । আৰক্ষীৰ দলে ইতিমধ্যে শিক্ষক ৰফিকুল হুছেইনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ।
- কোন ঠাইত কিমান তাৰিখে মহিলাসকলে পাব ১০,০০০কৈ টকা?
কোন ঠাইত কিমান তাৰিখে মহিলাসকলে পাব ১০,০০০কৈ টকা? মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কাৰ্যসূচীৰ দিন ঘোষণা কৰা হৈছে। ২২ আগষ্টৰ পৰা ২৮ ছেপ্টেম্বৰলৈ বিতৰণ কৰা হব ধন।কোন ঠাইত কিমান তাৰিখে মহিলাসকলে পাব ১০,০০০কৈ টকা? আজিৰে পৰা পাব চৰকাৰৰ ১০ হাজাৰ টকা। আজিৰে পৰা ২৮ছেপ্তেম্বৰলৈ লাখ লাখ মহিলাই পাব টকা। তালিকাত আছে নে আপোনাৰ নাম? জানি লওক সবিশেষ......... কেতিয়া কোন মহিলাই পাব ধন? ২২আগষ্টতত নলবাৰীৰ মহিলাই লাভ কৰিব ধন। ২৩ আগষ্টত জাগীৰোডৰ মহিলাই লাভ কৰিব ধন। ২৪আগষ্টত মাৰ্ঘেৰিটাৰ মহিলাই লাভ কৰিব এই ধন। ২৫ আগষ্টত ধুবুৰীৰ মহিলাই পাব টকা। ১ছেপ্টেম্বৰত পাথাৰকান্দিৰ মহিলাই পাব। ২ছেপ্টেম্বৰত হোজাইৰ মহিলাই লাভ কৰিব। ৩ছেপ্টেম্বৰত জালুকবাৰী আৰু লাহৰিঘাটৰ মহিলাই লাভ কৰিব এই ধন। ৪ছেপ্টেম্বৰত ঢেকিয়াজুলিৰ মহিলাই লাভ কৰিব এই ধন। ৬ছেপ্টেম্বৰত মানকাছাৰ মহিলাই পাব ধন। ১৬ ছেপ্টেম্বৰত গৌৰীপুৰৰ মহিলাই লাভ কৰিব টকা। ২৫ছেপ্টেম্বৰত বিশ্বনাথৰ মহিলাই পাব ধন। ২৬ ছেপ্টেম্বৰত জোনাইৰ মহিলাই পাব। ২৭ ছেপ্টেম্বৰত তিনিচুকীয়াৰ মহিলাই পাব এই ধন।
- 3 Idiotsৰ অধ্যাপক আৰু নাই বলীউড অভিনেতা অচ্যুৎ পোদ্দাৰৰ দেহাৱসান।
3 Idiotsৰ অধ্যাপক আৰু নাইবলীউড অভিনেতা অচ্যুৎ পোদ্দাৰৰ দেহাৱসান। চিনেমাপ্ৰেমীসকলৰ বাবে এক পৰিচিত ছবি ‘ত্ৰি ইডিয়টছ’। ২০০৯ চনত মুক্তিপ্ৰাপ্ত বলীউডৰ এই ছবিখনে বক্স অফিচত লাভ কৰিছিল ব্যাপক সফলতা। দেশৰ ছবিজগতত আজিপৰ্যন্ত এই ছবিখনক লৈ চলি আহিছে চৰ্চা। থ্ৰি ইডিয়টছ বলীউডৰ ইতিহাসৰে এক অন্যতম শ্ৰেষ্ঠ ছবি হিচাপে পৰিগণিত হৈছিল। ৰাজকুমাৰ হিৰাণী পৰিচালিত আমিৰ খান, আৰ মাধৱন, চাৰমান যোশী, বোমান ইৰানী, কৰীণা কাপুৰ অভিনীত এই ছবিখনৰ প্ৰতিটো চৰিত্ৰই জনপ্ৰিয়তা লাভ কৰিছিল। তাৰ মাজতে এক বিশেষ চৰিত্ৰ আজিও হৈ আছে সকলোৰে মাজত সজীৱ। এই চৰিত্ৰটো আছিল এগৰাকী প্ৰফেচাৰৰ। চৰিত্ৰটোত অভিনয় কৰিছিল জনপ্ৰিয় অভিনেতা অচ্যুত পোতদাৰে। আজিও দৰ্শকৰ মনত সজীৱ হৈ থকা এই অভিনেতাগৰাকীক পুনৰ এবাৰ আৰু স্ক্ৰীণত দেখা পোৱা নাযাব। যোৱা নিশা চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে বয়োজ্যেষ্ঠ অভিনেতাগৰাকীয়ে।পুৱাই বলিউড জগতত পুনৰ এক দুঃসংবাদ। বলিউডৰ জনপ্ৰিয় অভিনেতা অচ্যুত পোতদাৰৰ দেহাৱসান। 'থ্ৰি ইডিয়টছ' চলচ্চিত্ৰত এগৰাকী কঠোৰ অধ্যাপকৰ চৰিত্ৰত কৰা বলিষ্ঠ অভিনয়ৰ বাবে বহুলভাৱে প্ৰশংসিত হৈছিল প্ৰবীণ অভিনেতা অচ্যুত পোতদাৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯১ বছৰ।স্বাস্থ্যজনিত জটিলতাৰ বাবে থানেৰ জুপিটাৰ হাস্পতালত ভৰ্তি হৈ থকাৰ সময়তে অভিনেতাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুৰ সঠিক কাৰণ এইপৰ্যন্ত জানিব পৰা হোৱা নাই। আজি থানেত অনুষ্ঠিত হ’ব তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া। তেওঁৰ বিয়োগত বলীউডত গভীৰ শোকৰ ছাঁ পৰিছে।
- GMCHত ভয়ংকৰ ঘটনা । আই চি ইউৰ বিচনাৰ পৰা সৰি পৰিল তিনিটাকৈ শিশু
GMCHত ভয়ংকৰ ঘটনা । আই চি ইউৰ বিচনাৰ পৰা সৰি পৰিল তিনিটাকৈ শিশু উত্তৰ-পূবৰ ভিতৰতে সবাতোকৈ সুৰক্ষিত আৰু উন্নত চিকিতসা প্ৰদানৰ দাবী কৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। আই চি ইউৰ বিচনাৰ পৰা সৰি পৰিল তিনিটাকৈ শিশু। প্ৰাপ্ত খবৰ অনুসৰি ইয়াৰে দুটা শিশু পকাত পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। ইয়াৰে এটি শিশুৰ মৃত্যু হৈছে।শিশুকেইটিৰ পৰিয়ালৰ লোকে সদৰি কৰা মতে, বেবী আই চি ইউত উপযুক্ত ব্যৱস্থা নথকাৰ বাবেই এনে ঘটনা সংঘটিত হ’বলৈ পালে। এই ঘটনা প্ৰথম পৰ্যায়ত কৰ্তৃপক্ষই গাপ দিবলৈ চেষ্টা কৰিছিল যদিও ঘটনা পোহৰলৈ অহাৰ পাছতে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে একাংশই।আনফালে মৃত শিশুটিৰ পিতৃ উতপল হালৈয়ে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, মই বেবীক আৰু ঘূৰাই নাপাও। ডাক্তৰে যি কৈছিল, তাকে কৰি গৈছিলো। মোৰ বেবীক সম্পূৰ্ণ ডাক্তৰৰ গাফিলতিৰ বাবে হেৰুৱালো’
- মহাদেৱক সন্তুষ্ট কৰিবলৈ এইদৰে ৰাখক শাওনৰ সোমবাৰৰ ব্ৰত! কি কি খাব, কি নাখাব?
মহাদেৱক সন্তুষ্ট কৰিবলৈ এইদৰে ৰাখক শাওনৰ সোমবাৰৰ ব্ৰত! কি কি খাব, কি নাখাব? এইবাৰ শাওন মাহ ১৮ জুলাইৰ পৰা আৰম্ভ হৈছে আৰু ১৭ আগষ্টলৈকে চলিব। । এইবাৰ শাওনত ৪টা সোমবাৰৰ ব্ৰত থাকিব। সনাতন ধৰ্মত শাওনৰ সোমবাৰৰ ব্ৰতৰ বিশেষ গুৰুত্ব বুলি বিবেচিত হৈছে। ইয়াত আমি আপোনালোকক ক'ম কেতিয়া শাওনৰ সোমবাৰৰ ব্ৰত ভাঙিব লাগে, কি খাব লাগে আৰু কি খাব নালাগে।হিন্দু ধৰ্মত বিভিন্ন দেৱ-দেৱীক পূজা কৰা হয়। জ্যোতিষ শাস্ত্ৰৰ অনুসৰিও আমাৰ বিভিন্ন গ্ৰহ দোষ থাকিলে আমি দেৱ-দেৱীক পূজা কৰিলে আমাৰ দোষ আঁতৰি যায়। জ্যোতিষ শাস্ত্ৰত গ্ৰহৰ দোষ নিবাৰণৰ কাৰণে বিভিন্ন দেৱ-দেৱীক পূজা কৰাৰ কথা কোৱা হৈছে আৰু তাৰ ভিতৰত ভগৱান শিৱও অন্যতম।জ্যোতিষ শাস্ত্ৰৰ মতে যদি মানুহৰ জীৱনত চন্দ্ৰৰ দোষ আছে তেন্তে সোমবাৰে শিৱ মন্দিৰত কিছুমান বস্তু দান কৰিলে আৰু কিছুমান নিয়ম পালন কৰিলে এই দোষ আঁতৰি যায়।চলিত বছৰৰ শাওন মাহত ৪ চাৰিটা সোমবাৰ থাকিব। প্ৰথম শাওন সোমবাৰ – ২১ জুলাই, দ্বিতীয় সোমবাৰ – ২৮ জুলাই, তৃতীয় সোমবাৰ – ৪ আগষ্ট, চতুৰ্থ সোমবাৰ – ১১ আগষ্ট। এই ব্ৰতত ৰীতি-নীতি অনুসৰি ভগৱান শিৱক পূজা কৰা হয়। আমি ভগৱান শিৱক গংগাজল, গাখীৰ, দৈ, বিশুদ্ধ দেশী ঘিউ, মৌ, পঞ্চ ৰস, সুগন্ধি, বেলপাত, ধতুৰা, ভাং, প্লাম, পঞ্চ ফল, পঞ্চ মেৱা, পঞ্চ মিঠাই, ৰত্ন, সোণ, ৰূপ, আমৰ ডাল, মন্দৰ, ফুল, কৰ্পূৰ, ধূপ, চাকি, কপাহ, , চন্দন, পবিত্ৰ সূতা আদি সামগ্ৰীৰে পূজা কৰিব লাগে।সোমাবাৰৰ দিনটোত দুখীয়া মানুহক বগা কাপোৰ, গাখীৰ, চেনী, দৈ ইত্যাদি দান কৰিলে ভগৱান শিৱ সন্তুষ্ট হয় আৰু চন্দ্ৰ দোষ আঁতৰি যায়। সোমবাৰে দুখীয়া মানুহক দান সাহাৰ্য আগবঢ়োৱাৰ লগতে তেওঁলোকক পায়স বিতৰণ কৰিব পাৰিলে ভাল। ইয়াৰ জৰিয়তে চন্দ্ৰ দোষ আঁতৰি ঘৰখনলৈ সুখ-সমৃদ্ধি আহে। দৈঃ সাৱনৰ সোমবাৰে দৈৰ সৈতে ভগৱান শিৱৰ বাবে আগবঢ়াব পাৰে। ইয়াৰ দ্বাৰা আপোনাৰ জীৱনৰ সকলো বাধা আঁতৰি যাব। অসম্পূৰ্ণ কাম সম্পূৰ্ণ হ’ব। আপোনাৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি আহিব। গাখীৰ: কেঁচা গাখীৰৰ সৈতে ভগৱান শিৱৰ অভিষেক। এনে কৰিলে ঘৰৰ কাজিয়া আৰু বিসঙ্গতিবোৰ নাইকিয়া হয়। পৰিয়ালটোলৈ শান্তি আহে। কৰ্মক্ষেত্ৰত শুভ হয়। ঘিউঃ শাওণৰ সোমবাৰে শিৱলিংগত মাখন আগবঢ়ালে আচৰিত ধৰণৰ উপকাৰ পোৱা যায়। যি দম্পতীয়ে সন্তানৰ সুখ পাবলৈ অক্ষম, তেওঁলোকে সন্তানৰ সুখ লাভ কৰে। সোমবাৰৰ দিনটোত যদি মানুহে মাছক আটাৰ লাৰু খুৱাই তেন্তে ইয়াৰ ফলত চন্দ্ৰ শান্ত হয়। এই কাৰ্যই ঘৰখনলৈ ঐশ্বৰ্য, বৈভৱ অনাৰ লগতে ধনসম্পত্তি, সন্মান, সফলতা আদি আনে। শাওনৰ ব্ৰত ভংগ কৰাৰ পদ্ধতি শাওনৰ সোমবাৰৰ ব্ৰতৰ দিনা সন্ধিয়া গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধিব। ইয়াৰ পিছত যদি আপোনাৰ ঘৰত যদি শিৱলিংগ আছে তেন্তে তাত অভিষেক কৰক। ইয়াৰ পিছত শাওনৰ সোমবাৰৰ ব্ৰতৰ কাহিনী শুনক আৰু ভগৱান শিৱৰ আৰতি কৰক। ভগৱান শিৱ পূজা কৰি সন্ধিয়া উপবাস ভংগ কৰক। শাওন সোমবাৰৰ উপবাসত ফলমূল খাব পাৰিব। পায়স, গাখীৰ, দৈ আদি খাব পাৰে। এই ব্ৰতত নিমখ খাব নালাগে। আলু, লাওৰ পাচলিও এই ব্ৰতত খাব পাৰি। ইয়াৰ উপৰিও চাগু আৰু বাদামো খাব পাৰে
- গোৱালপাৰা জিলাৰ কৃষ্ণাই(পাইকান)ৰ উচ্ছেদিত অঞ্চলত অঘটন
গোৱালপাৰা জিলাৰ কৃষ্ণাই(পাইকান)ৰ উচ্ছেদিত অঞ্চলত অঘটন গোৱালপাৰা জিলাৰ কৃষ্ণাই(পাইকান)ৰ উচ্ছেদিত অঞ্চলত অঘটন ৷ উচ্ছেদিত লোক আৰু প্ৰশাসনৰ মাজত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ ফলস্বৰূপে বৃহস্পতিবাৰে সংঘটিত হয় গুলীচালনাৰ ঘটনা ৷ এই গুলীচালনাত প্ৰাণ হেৰুৱাই দুজনকৈ লোকে ৷ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বৃহস্পতিবাৰে পুৱা কৃষ্ণাইৰ উচ্ছেদস্থলীত উপস্থিত হৈছিল আৰক্ষী-প্ৰশাসনৰ লগতে বন বিভাগৰ লোক ৷ এই দলটো দেখা মাত্ৰকে উচ্ছেদিত লোকসকলে তীব্ৰ বাক-বিতণ্ডাত লিপ্ত হয় ৷ এই বাক-বিতণ্ডাৰ উপৰিও উচ্ছেদিত লোকসকলে আৰক্ষী-প্ৰশাসনৰ দলটোক উদ্দেশ্যি শিলাবৰ্ষণ কৰিবলৈ লয় ৷ পৰিস্থিতি ক্ৰমান্বয়ে অধিক শোচনীয় হোৱাৰ পূৰ্বে আৰক্ষীয়ে প্ৰত্যুত্তৰত গুলীচালনা কৰে ৷এই গুলীচালনাত বিদ্যাপাৰাৰ ছাকুৱাত হুছেইন নামৰ এজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে কুতুবুদ্দিন আলী নামৰ আন এজন লোক গুৰুতৰভাৱে আহত হয় ৷ আহত লোকজনক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও তেওঁৰ মৃত্যু ঘটে ৷ এই ঘটনাত বহুকেইজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে৷
- হিন্দু যুৱতীৰ অবৈধভাৱে ধৰ্ম পৰিবৰ্তন কৰি গ্ৰেপ্তাৰ জামালুদ্দিন আৰু তেওঁৰ সহযোগী…
হিন্দু যুৱতীৰ অবৈধভাৱে ধৰ্ম পৰিবৰ্তন কৰি গ্ৰেপ্তাৰ জামালুদ্দিন আৰু তেওঁৰ সহযোগী… বিভিন্ন সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ধৰ্ম পৰিবৰ্তনৰ গোচৰ পোহৰলৈ আহে। শেহতীয়াকৈ এক ভয়ংকৰ তথ্য প্ৰকাশ পাইছে। অভিযোগ অনুসৰি চাংগুৰ বাবা আৰু তেওঁৰ সহযোগীয়ে প্ৰায় ১৫০০ হিন্দু মহিলাৰ ধৰ্ম পৰিবৰ্তন কৰিছে।অভিযোগ অনুসৰি, জামালুদ্দিন ওৰফে চাংগুৰ বাবা আৰু তেওঁৰ সহযোগী নীতু ওৰফে নাছৰিনে বছৰ বছৰ ধৰি বহু হিন্দু যুৱতীৰ বলপূৰ্বকভাৱে ধৰ্ম পৰিবৰ্তন কৰি আহিছে। অভিযোগ অনুসৰি প্ৰায় ১৫০০ যুৱতীক অবৈধভাৱে তেওঁলোকে ধৰ্মান্তৰিত কৰিছে। শেহতীয়াকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে উত্তৰ প্ৰদেশৰ বলৰামপুৰ জিলাৰ মধপুৰৰ বাসিন্দা জামালুদ্দিন আৰু নাছৰিনক।তথ্য অনুসৰি, উত্তৰ প্ৰদেশৰ বলৰামপুৰলৈ অহাৰ পূৰ্বে এই চাংগুৰ বাবাই মহাৰাষ্ট্ৰৰ পৰা ডুবাই পৰ্যন্ত নেটৱৰ্ক গঢ়ি তুলিছিল। কেৱল উত্তৰ প্ৰদেশতে নহয়, মহাৰাষ্ট্ৰতো তেওঁ বহু লোকৰ অবৈধভাৱে ধৰ্মান্তৰকৰণ কৰিছে।
- গুৰু পূৰ্ণিমা উৎসৱ
নিউজ ডেস্ক, ১০ জুলাইঃ আহাৰ মাহৰ শুক্ল পক্ষৰ পূৰ্ণিমা তিথিত পালন কৰা হয় গুৰু পূৰ্ণিমা উৎসৱ৷ গুৰু পূৰ্ণিমাৰ এক সুকীয়া তাৎপৰ্য আছে ৷ হিন্দু শাস্ত্ৰ অনুসৰি গুৰু শিষ্যৰ পৰম্পৰাত গুৰুৰ যি প্ৰাধান্য সেই প্ৰাধান্যক দেখুৱাবলৈ গুৰু পূৰ্ণিমা পালন কৰা হয় ৷ গুৰুক ভাগৱানৰ লগত তুলনা কৰা হয় ৷ সেই বাবে এই বিশেষ দিনটোক গুৰুসকলৰ বাবে উছৰ্গিত কৰা হয় ৷ সনাতন ধৰ্মত গুৰুৰ স্থান ঈশ্বৰৰ স্থানতকৈ উচ্চ বুলি ধৰা হয়। কাৰণ গুৰুৰ চকুলৈ চাই ভগৱানক দেখা পোৱা যায়।গুৰুৱে নিজৰ জ্ঞানেৰে শিষ্যক সঠিক পথত লৈ যায় আৰু ঈশ্বৰৰ সাক্ষাৎকাৰ দিয়ে।সেইবাবেই গুৰুসকলৰ সন্মানত প্ৰতি বছৰে এই বিশেষ দিন পালন কৰা হয়।
- গুজৰাটত ভয়ংকৰ দুৰ্ঘটনা
নিউজ ডেস্ক, ৯ জুলাইঃ গুজৰাটত ভয়ংকৰ দুৰ্ঘটনা।মহিসাগৰ নদীৰ ওপৰত থকা দলং ভাগি পৰাৰ ফলত ৫খনকৈ বাহন পানীত সৰি পৰাৰ লগতে নিহত হৈছে ৯গৰাকীকৈ লোক। এই ঘটনা সংঘটিত হোৱাৰ পাছতে গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে তদন্ত ঘোষণা কৰি বিশেষজ্ঞ দলক ঘটনাস্থলীলৈ যোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে। জানিব পৰা অনুসৰি এই দলংখন আছিল যথেষ্ট দুৰ্বল। প্ৰশাসনে অতি গধুৰ বাহন উক্ত দলঙখনেৰে অহা যোৱা কৰিবলৈ বাধা প্ৰদান কৰিছিল যদিও একাংশই মনা আছিল এই নিৰ্দেশনা।
- শৰাইঘাট দলঙৰ গাতে নতুনকৈ নিৰ্মাণ হ'ব দ্বৈত ট্ৰেকযুক্ত দ্বিতীয়খন ৰে'ল দলং
শৰাইঘাট দলঙৰ গাতে নতুনকৈ নিৰ্মাণ হ'ব দ্বৈত ট্ৰেকযুক্ত দ্বিতীয়খন ৰে'ল দলং ব্ৰহ্মপুত্রৰ ওপৰত নিৰ্মাণ হ'ব দ্বিতীয়খন দ্বৈত পথযুক্ত ৰে'লৱে দলং।চলিত বছৰৰ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব দলং নিৰ্মাণৰ কাম । ২০২৯ চনৰ ডিচেম্বৰত দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা ৷ব্ৰহ্মপুত্রৰ ওপৰত শৰাইঘাটত শীঘ্ৰেই এই দলংখনৰ নিৰ্মাণকাৰ্য আৰম্ভ হ'ব । দুখলপীয়া দলংখনত থাকিব দ্বৈত ৰে'লপথ আৰু তিনিলেনযুক্ত পথ । ইতিমধ্যে উত্তৰ-পূব সীমান্ত ৰে'লৱেই সম্পূৰ্ণ কৰিছে নিবিদা প্ৰক্ৰিয়া । চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰা ইয়াৰ কাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ।এই সন্দৰ্ভত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই ই টিভি ভাৰতৰে হোৱা টেলিফোনিক বাৰ্তালাপত এনেদৰে কয়, ‘‘চলিত বছৰৰ ছেপ্টেম্বৰৰ পৰা দলং নিৰ্মাণৰ কাম আৰম্ভ হ'ব । ২০২৯ চনৰ ডিচেম্বৰত দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব লাগে । আগিয়াঠুৰীৰ পৰা কামাখ্যা সংযোগী দ্বৈত ৰে'লপথ প্ৰকল্পৰ অধীনত এই দলংখন নিৰ্মাণ কৰা হ'ব । এই সমগ্ৰ প্ৰকল্পটোৰ নিৰ্মাণ ব্যয় ১,৪৭৮ কোটি টকা ধাৰ্য কৰা হৈছে । আনহাতে দলংখনৰ মুঠ দৈৰ্ঘ হ'ব ১.৩ কিলোমিটাৰ । এই দলংখনত থাকিব মুঠ ১২টা খুঁটা । ৰে'ল চলাচল কৰিবলগা এই দ্বিতীয়খন দলং মুকলি হ'লে যাতায়াত ব্যৱস্থা অধিক খৰতকীয়া হ'ব আৰু নতুন নতুন যাত্রীবাহী আৰু মালবাহী ৰে'ল চলাচল কৰিব ।’