কচুশাক কিমান উপকাৰী জানেনে ?ইয়াত কি কি গুণ আছে জানক…
- PB Sangbad
- Mar 24
- 2 min read

কচুশাক স্বাস্থ্যৰ বাবে খুবেই উপকাৰী সেয়ে ইয়াক বহুলোকে খায়, কিন্তু আপুনি জানেনে ইয়াত এনে কিছুমান উপকাৰিতা লুকাই আছে যাৰ বিষয়ে জানিলে আপুনিও আচৰিত হৈ পৰিব ৷আজি আমি আলোচনা কৰিম কচুৰ উপকাৰিতাৰ বিষয়ে ৷ ই স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কথাই হওক বা চকুক সুস্থ কৰি ৰখাৰ দিশতে হওক, কচু প্ৰতিটো ক্ষেত্ৰতে এবিধ অতি উপকাৰী শাক ৷যিকোনো খাদ্য সামগ্ৰী যদিও উৎকৃষ্ট গুনেৰে ভৰপূৰ তথাপি কোনো কোনো ৰোগত সি অপথ্যও হব পাৰে। কচু নিৰোগী সকলো লোকৰ বাবে খুবেই উপকাৰী। কিন্তু কিছুমান ৰোগত অপকাৰী।কচু শাকত শৰীৰৰ বাবে প্ৰয়োজনীয় কেইবাটাও উপাদান থাকে । আমাৰ অসমীয়া পৰম্পৰাগত খাদ্যত কচু শাক বিশেষভাৱে ব্যৱহাৰ কৰা হয় । অসমীয়া সমাজৰ পৰম্পৰাগত কচু শাকৰ আঞ্জাৰ জুতি এবাৰ ল'লে, সেই জুতি কেতিয়াও পাহৰিব নোৱাৰে।প্ৰচুৰ পৰিমাণে ভিটামিন A থকাৰ বাবে চকুৰ বাবে খুবেই উপকাৰী।দৃষ্টিশক্তিৰ দুৰ্বলতা, কেটেৰেক্ট আদি হোৱাৰ পৰা চকুক ৰক্ষা কৰাত সহায় কৰে।
ৰক্তহীনতা anaemia) ৰোগত কচু উপকাৰী কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ,ভিটামিন B6 আৰু ফলেট( folate) থাকে।
কলেষ্টৰলৰ সমস্যা থাকিলে কচু শাক খালে সুফল পোৱা যায়।ইয়াত থকা মিথিয়নিন(methionine) আৰু আহে(dietary fiber) কলেষ্টৰল আৰু ট্ৰাইগ্লিচাৰাইড (triglyceride) নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
উচ্চ ৰক্তচাপ আৰু হাৰ্টৰ বিভিন্ন ৰোগত কচু শাক উপকাৰী। ইয়াত থকা পতাচিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে ।আৰু ইয়াত থকা ভিটামিন B6 এ হ'ম'চিষ্টিন (homocystine) নামৰ যৌগ বিধৰ নিয়ন্ত্ৰণ কৰি হাৰ্টৰ বিভিন্ন ৰোগ আৰু স্ট্রোক(stroke) হোৱাত বাধা প্ৰদান কৰে।
ইয়াত থকা কেলচিয়ামে আমাৰ হাড় আৰু দাঁত মজবুত ৰখাত সহায় কৰে।ওজন নিয়ন্ত্ৰণতো কচু উপকাৰী বুলি প্ৰমাণিত হয় ৷ ইয়াত থকা আঁহে বিপাকীয় ক্ৰিয়া সক্ৰিয় কৰে, যিয়ে ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷কচু নিৰোগী সকলো লোকৰ বাবে খুবেই উপকাৰী। কিন্তু কিছুমান ৰোগত অপকাৰী। যেনে:
কিডনি ষ্টোন হলে কচু খোৱা অনুচিত। কিয়নো ইয়াত থকা প্ৰচুৰ পৰিমাণৰ কেলচিয়াম অক্সলেটে(calcium oxalate) পাথৰ ডাঙৰ হোৱাত সহায় কৰে। বেছিভাগ কিডনী স্টোন অক্সলেট স্টোন হয়।সেয়েহে পাথৰ হোৱা ৰোগীয়ে কচু খোৱা অনুচিত। নিৰোগী লোকেও অত্যাধিক পৰিমানে কচু নোখোৱা ভাল। অন্যথা কিডনী পাথৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।এলাৰ্জি জনীত বহু ৰোগত কচু অপথ্য। কাৰণ তেনে অৱস্থাত ৰোগৰ উপদ্ৰৱ বৃদ্ধি হব পাৰে।তদুপৰি কিছুমান লোকৰ কচু খালেও এলাৰ্জী হয়।গতিকে এলাৰ্জি হোৱাৰ সময়ত কচু নাখাব।
Comments