top of page

জানেনে তগৰ ফুলৰো আছে বহু ঔষধি গুণ

  • PB Sangbad
  • Mar 25
  • 1 min read

জানেনে তগৰ ফুলৰো আছে বহু ঔষধি গুণ
জানেনে তগৰ ফুলৰো আছে বহু ঔষধি গুণ

গোন্ধ যুক্ত তগৰ ফুল সকলোৱে চিনি পায়| তগৰ, গোলাপ, খৰিকাজাঁই ফুল বসন্ত কালৰ আৰম্ভনিৰ পৰা ফুলে| এই তগৰ ফুলৰ সৌন্দৰ্যৰ লগতে ইয়াৰ ঔষধি গুণো বহুত| মেদৰোগ বা অতিপাত শকত হোৱা ৰোগত তগৰ ফুলৰ ঔষধি গুণ আশ্চৰ্যজনক|ব’হাগ অহাৰ লগে লগে অসমত বিশেষ হৈ পৰে তগৰ ফুল। তগৰ ফুলৰো আছে বহু ঔষধি গুণ। তগৰ ফুলৰ গোন্ধতো আছে বিশেষ মাদকতা।কোনো মানুহৰ বা মহিলাৰ বা ল’ৰা-ছোৱালীৰ মেদবহুলতাত ভুগিলে নানা ধৰণৰ ঔষধ ব্যৱহাৰ কৰা দেখা যায়| কোনো মহিলা বা যুৱক-যুৱতীৰ পেট, নিতম্ব, স্তন, ভৰি-হাত আদিত অধিক চৰ্বি হয়,মেদৰ পৰিমাণো আধিক্য হয়| এই মেদৰোগত ৰোগীৰ ক্লান্তিবোধ হয়, কাম-কাজ কৰাৰ প্ৰতি অনীহা হয় অথচ ভোক বাঢ়ে| এনেক্ষেত্ৰত তগৰ ফুলৰ গছৰ শিপা ১ গ্ৰাম পৰিমাণে লৈ সেইখিনি থেতালি আধাকাপ পানীত উতলাই চেকি ঠাণ্ডা হ’লে সেই ক্কাথ খিনি দিনে দুবাৰকৈ কিছুদিন অৰ্থাৎ ১৫ দিন খাব লাগে| মেদ বা চৰ্বি লাহে লাহে কমি যাব|

 
 
 

Comments


Subscribe to Our Newsletter

  • White Facebook Icon

© 2035 by PB Sangabd. Powered and secured by PB Sangbad

bottom of page