জানিলে আচৰিত হ'ব আপুনি,নাৰ্জী ফুলৰ ঔষধি গুণৰ বিষয়ে !
- PB Sangbad
- Mar 18
- 1 min read

ছালখন শুকান হৈ পৰিলে খজুৱতিৰ সমস্যা হোৱাটো একেবাৰেই স্বাভাৱিক হৈ পৰে। খৰ-খজুৱতিৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতেই বিভিন্ন ঔষধ ব্যৱহাৰ কৰে যদিও ইয়াৰ সুফল লাভ নকৰে।যদি আপুনিও ঔষধ ব্যৱহাৰ কৰি খৰ-খজুৱতিৰ পৰা সকাহ পোৱা নাই, তেন্তে আপুনি অতি সহজলভ্য নাৰ্জী ফুল ব্যৱহাৰ কৰিব পাৰে।নাৰ্জী ফুলৰ পাতবোৰে ঔষধি গুণাগুণৰে সমৃদ্ধ বাবে বিভিন্ন লাভালাভ প্ৰদান কৰে। বিশেষকৈ পৰম্পৰাগত ঔষধত তেওঁলোকৰ প্ৰদাহ-প্ৰতিৰোধী, এণ্টিচেপ্টিক, আৰু এণ্টিমাইক্ৰোবাইল গুণাগুণৰ বাবে মূল্য দিয়া হয়। নাৰ্জী ফুলৰ পাতবোৰ প্ৰায়ে ছালৰ বিভিন্ন স্থিতি যেনে কটা, আঘাত, চোকোৰা, আৰু সামান্য পোৰা ছালৰ চিকিৎসাৰ বাবে সাময়িকভাৱে ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও, নাৰ্জী ফুলৰ পাতত ফ্লেভোনইড আৰু কেৰোটিনইডৰ দৰে এণ্টিঅক্সিডেণ্ট থাকে, যি কোষবোৰক মুক্ত ৰেডিকেলৰ দ্বাৰা হোৱা ক্ষতিৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে আৰু ছালৰ সামগ্ৰিক স্বাস্থ্যত অৰিহণা যোগাব পাৰে।নাৰ্জীফুল সাধাৰণতে ঘৰত আৰু উদ্যানৰ শোভা বৰ্ধনৰ বাবে লগোৱা হয়। ই প্ৰায় প্ৰতিঘৰ মানুহৰ চৌহদতে পোৱা যায়। নাৰ্জী ফুল বীজাণুনাশক। হালধীয়া, চকলেট ৰঙৰ মাজত হালধীয়া থকা আদি ৰঙৰ নাৰ্জী ফুল পোৱা যায়। কিছুমান নাৰ্জী ফুল ডাঙৰ আৰু কিছুমান সৰু। ইয়াৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-
অৰ্শ ৰোগত নাৰ্জী ফুলৰ ৰস উপকাৰী।
কটা-ছিঙা ঘাত নাৰ্জী ফুলৰ পাতৰ ৰস লগালে তেজ ওলোৱা বন্ধ হয় আৰু সোনকালে শুকায়।
শীতকালত হাত-ভৰিৰ ছাল শুকান হৈ পৰে আৰু খজুৱালে বগা বগা গুড়িৰ নিচিনা ওলায়। নাৰ্জী ফুলৰ পাতৰ ৰসৰ লগত ভেচলিন মিহলাই লগালে ছাল নিমজ হৈ পৰে।
নাৰ্জী ফুলৰ পাত গৰম পানীত সিজাই সেই ৰসেৰে কুলকুলি কৰিলে দাঁতৰ বিষ কমে।
১৯৯০ৰ দশকৰ পৰা ভাৰতৰ লগতে অসমত বাণিজ্যিকভাৱে নাৰ্জী ফুলৰ খেতি কৰি অহা হৈছে। উজনি অসমৰ বিশেষকৈ ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, লখিমপুৰ আৰু মধ্য অসমৰ জিলাকেইখনত নাৰ্জী খেতি কৰা হয়। অসমীয়াত নাৰ্জী ফুলক গেন্ধালি, গেন্ধাই, জাৰমালতী, গোন্ধ-মালতী আদি বিভিন্ন নামেৰে জনা যায়।
Comentários