top of page

ভাৰতৰ শৰণাপন্ন হ’বলৈ সাজু বাংলাদেশ!

  • PB Sangbad
  • Mar 24
  • 1 min read

ভাৰতৰ শৰণাপন্ন হ’বলৈ সাজু বাংলাদেশ!
ভাৰতৰ শৰণাপন্ন হ’বলৈ সাজু বাংলাদেশ!

ভাৰতক নিন্দা কৰা বাংলাদেশে এতিয়া ভাৰতক কাকুতি-মিনতি কৰি ভৰিত ধৰিছে। প্ৰধানমন্ত্ৰী মোদী আৰু মহম্মদ ইউনুছক সাক্ষাৎ কৰোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে বাংলাদেশে। কিন্তু ইয়াৰ বাবে ভাৰতৰ পক্ষৰ পৰা এতিয়ালৈকে কোনো সন্মতি দিয়া হোৱা নাই।বাংলাদেশে ভাৰতক অনুৰোধ জনাইছে যে, এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত মহম্মদ ইউনুছ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত দ্বিপাক্ষিক বৈঠকৰ আয়োজন কৰক। ভাৰতক নিন্দা কৰি অহা বাংলাদেশৰ হাতত এতিয়া যেন আন একো উপায় নাই।অৱশ্যে ভাৰতীয় পক্ষৰ পৰা এতিয়ালৈকে ইয়াৰ বাবে কোনো সন্মতি দিয়া নাই। ইয়াৰ পূৰ্বেও বাংলাদেশ চৰকাৰে প্ৰধানমন্ত্ৰী মোদী আৰু মহম্মদ ইউনুছৰ মাজত বৈঠকৰ ইচ্ছা প্ৰকাশ কৰিছিল যদিও ভাৰতে বিষয়টোত গুৰুত্ব দিয়া নাছিল।জয়শংকৰে টুইট কৰি কয় যে, তেওঁ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহীদ হুছেইনক সাক্ষাৎ কৰে। তেওঁ কয় যে, কথা-বতৰা আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ লগতে (BIMSTEC) ৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছিল। বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়েও এক বিবৃতি প্ৰকাশ কৰি কয় যে, দুয়োপক্ষই পাৰস্পৰিক চিন্তা আৰু স্বাৰ্থৰ বিভিন্ন দ্বিপাক্ষিক বিষয়ত আলোচনা কৰে।শেহতীয়াকৈ মহম্মদ ইউনুছে শ্বেখ হাছিনাৰ দল সন্দৰ্ভত এটা ডাঙৰ বিবৃতি দিছিল। তেওঁ কৈছিল যে, আৱামী লীগ নিষিদ্ধ কৰাৰ কোনো পৰিকল্পনা নাই। অভ্যুত্থানৰ পাছত অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে ভাৰতৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰিছিল যদিও এতিয়া ভাৰতৰ সন্মুখত তেওঁৰ সকলো ক্ষমতা উদঙাই দিয়া হৈছে। ইয়াৰ লগতে লগে সলনি হৈছে ইউনুছৰ সুৰ। যিগৰাকী শ্বেখ হাছিনাক লৈ তেওঁ ভাৰতৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল আৰু এতিয়া সেই বিষয়ক লৈ ভাৰতক কাতৰ অনুৰোধ কৰা দেখা গৈছে।

 
 
 

Comments


Subscribe to Our Newsletter

  • White Facebook Icon

© 2035 by PB Sangabd. Powered and secured by PB Sangbad

bottom of page