top of page

আপোনাৰো ৰাতিপুৱা ভাগত কুহুমীয়া গৰম পানী খোৱাৰ অভ্যাস আছে নেকি?

  • PB Sangbad
  • Mar 18
  • 1 min read

গৰম পানীৰ লগত আৰু আপুনি কি মিহলি কৰি খায়?
গৰম পানীৰ লগত আৰু আপুনি কি মিহলি কৰি খায়?

আপোনাৰো ৰাতিপুৱা ভাগত কুহুমীয়া গৰম পানী খোৱাৰ অভ্যাস আছে নেকি?গৰম পানীৰ লগত আৰু আপুনি কি মিহলি কৰি খায়?আপুনি জানিলে আচৰিত হ'ব,আজি এনে এবিধ উপকৰণৰ কথা ক:ব বিচাৰিছোঁ যাৰ গুণাগুণৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনিও।হয়,বহু বিশেষজ্ঞৰ মতে জিৰা আৰু হালধি একেলগে পানীত মিহলাই খোৱাৰ আছে বহু উপকাৰিতা। আজি এই প্ৰতিবেদনৰ জৰিয়তে ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক-------


সকলোৰে ঘৰে ঘৰে উপলব্ধ হালধী আৰু জিৰা।আমাৰ অসমীয়া সমাজত এই দুয়োবিধক মছলা হিচাপে ব্যৱহাৰ কৰা হয় ৷খাদ্য প্ৰস্তুত কৰাৰ সময়ত এই মছলা দুবিধ প্ৰায় আমি ব্যৱহাৰ কৰো।কিন্তু আপুনি জানেনে এই মছলা দুবিধত থকা স্বাস্থ্যকৰ উপাদানে বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে ৷ অসমীয়া লোকসকলে বিভিন্ন ৰোগৰ ঔষধ হিচাপেও হালধি ব্যৱহাৰ কৰে ৷

যদি আপুনি হালধিৰ লগত পানী মিহলি কৰি ৰাতিপুৱা খায় তেন্তে হালধিত থকা প্ৰদাহ নিবাৰণকাৰী গুনে আপোনাৰ পাচনতন্ত্ৰৰ বাবে উপকাৰী হৈ পৰে ৷ ই পেটৰ প্ৰদাহ কমায় আৰু পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে ৷জিৰা আৰু হালধিত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে ৷ ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে ৷ লগতে হালধিত থকা কাৰকুমিনয়ে বহু ধৰণৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে ৷হালধিত এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ আছে, যিয়ে ছালৰ সমস্যা দূৰ কৰাত সহায় কৰে ৷

 
 
 

Comments


Subscribe to Our Newsletter

  • White Facebook Icon

© 2035 by PB Sangabd. Powered and secured by PB Sangbad

bottom of page