পাকিস্তান চৰকাৰৰ অফিচিয়েল এক্স (পূৰ্বৰ টুইটাৰ) একাউণ্টত বন্ধ কৰিছে ভাৰতে
- PB Sangbad
- 3 days ago
- 1 min read

ইবাৰ পাকিস্তান চৰকাৰৰ অফিচিয়েল এক্স (পূৰ্বৰ টুইটাৰ) একাউণ্টত বন্ধ কৰিছে ভাৰতে । দশক দশক পুৰণি সিন্ধু জল সন্ধি স্থগিত ৰখা আৰু পাকিস্তানৰ জ্যেষ্ঠ কূটনৈতিক কৰ্মচাৰীক বহিষ্কাৰ কৰাকে ধৰি নতুন দিল্লীয়ে ধাৰাবাহিকভাৱে কঠোৰ প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰাৰ পিছতে এতিয়া এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিদেশ সচিব বিক্ৰম মিশ্ৰীয়ে সংবাদমেলযোগে চৰকাৰৰ সেই পদক্ষেপসমূহৰ বিষয়ে তথ্য প্ৰদান কৰে। ভাৰতৰ সীমান্তত উপস্থিত পাকিস্তানী নাগৰিকক ৪৮ ঘন্টাৰ ভিতৰত ভাৰত এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে । ইফালে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰা হৈছে সংহত আট্টাৰী চেকপোষ্ট ।
Comments