top of page

৭ এপ্ৰিলৰ দিনটো ৰাষ্ট্ৰীয় বিয়েৰ দিৱস হিচাপে পালন কৰা হয়।কোন দেশে প্ৰথম বিয়েৰ দিৱস পালন কৰিছিল ?

  • PB Sangbad
  • Apr 8
  • 1 min read

৭ এপ্ৰিলৰ দিনটো ৰাষ্ট্ৰীয় বিয়েৰ দিৱস হিচাপে পালন কৰা হয়।কোন দেশে প্ৰথম বিয়েৰ দিৱস পালন কৰিছিল ?
৭ এপ্ৰিলৰ দিনটো ৰাষ্ট্ৰীয় বিয়েৰ দিৱস হিচাপে পালন কৰা হয়।কোন দেশে প্ৰথম বিয়েৰ দিৱস পালন কৰিছিল ?

যদিও বিয়েৰত এলক’হল থাকে, কিন্তু যদি ইয়াক সীমিত পৰিমাণে সেৱন কৰা হয়, তেন্তে ই স্বাস্থ্যৰ বাবে উপকাৰী। হয়তো জানিলে আচৰিত আচৰিত হ’ব যে, প্ৰতি বছৰে ৭ এপ্ৰিলৰ দিনটো ৰাষ্ট্ৰীয় বিয়েৰ দিৱস হিচাপে পালন কৰা হয়।স্বাস্থ্যৰ বাবে মাজে সময়ে সুৰাপান কৰাটো অপকাৰী নহয় । বিয়েৰ এই ক্ষেত্ৰত কিছু পৰিমাণে উপকাৰী । বহুতৰ মতে সুৰাপান কৰাটো স্বাস্থ্যৰ বাবে ভাল নহয়। সুৰাপানৰ পৰা বহুত ধৰণ ৰোগ হোৱাৰো আশংকা থাকে।কিন্তু এক গৱেষণাৰ দ্বাৰা গম পোৱা গৈছে যে যিসকল লোকে দৈনিক এক নিৰ্দিষ্ট পৰিমাণৰ পানীয় গ্ৰহণ কৰে তেনে লোক বহু দিনলৈ জীয়াই থাকে । যিকোনো বস্তুৰে অধিক মাত্ৰা সদায়েই বেয়া । গতিকে ইচ্ছা কৰিলে বিয়েৰ খোৱালোকসকলে দিনে খুব কম পৰিমাণে এই পানীয় গ্ৰহণ কৰিব পাৰে ।প্ৰকাশিত কিছু প্ৰতিবেদন অনুসৰি, প্ৰথমে আমেৰিকাত এই দিৱস উদযাপন কৰা হৈছিল। মন কৰিবলগীয়া যে, ১৯৩৩ চনত কালেন-হেৰিছন আইন সংশোধন কৰি লঘু বিয়েৰ উৎপাদনৰ অনুমতিৰ সীমা বৃদ্ধি কৰা হৈছিল।বিয়েৰ খোৱা লোকৰ হৃদযন্ত্ৰৰ ৰোগ বহু পৰিমাণে কম হয় । নিৰ্দিষ্ট পৰিমাণে বিয়েৰ খোৱা লোকৰ ক্ষেত্ৰত হৃদৰোগৰ আশংকা ২০%-৪০% লৈকে হ্ৰাস পায় ।আমোদজনক কথা যে নিয়মিত নিৰ্দিষ্ট পৰিমাণৰ বিয়েৰ খালে স্মৃতিশক্তি বৃদ্ধি পায় ।বিয়েৰত ছিলিকা নামৰ মৌল প্ৰচুৰ পৰিমাণে থাকে। ইয়াৰ ফলত হাড়ৰ বিকাশত সহায়ক হয় । দিনটোত এগিলাচ বিয়েৰ খালে হাড় মজবুত হ’ব পাৰে, কিন্তু অত্যাধিক সেৱন কৰাটোও স্বাস্থ্যৰ বাবে বিপদজনক হ’ব পাৰে।

 
 
 

Comments


Subscribe to Our Newsletter

  • White Facebook Icon

© 2035 by PB Sangabd. Powered and secured by PB Sangbad

bottom of page