বাবা ছিদ্দিকী হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ!
- PB Sangbad
- Apr 9
- 1 min read

বাবা ছিদ্দিকী হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ!বাবা ছিদ্দিকী হত্যাকাণ্ডৰ মষ্ট ৱাণ্টেড অভিযুক্ত কেইজন হ’ল শুভম লংকৰ, জীশন আখতাৰ আৰু আনমোল বিষ্ণোই। পঞ্জাৱৰ পৰা গ্ৰেপ্তাৰ হৈছে লৰেন্স বিষ্ণোই গেঙৰ সক্ৰিয় সদস্য জিশান আখতাৰক। বৰ্তমান অধিক তদন্ত অব্যাহত ৰাখিছে পঞ্জাৱ আৰক্ষীয়ে।
২০২৪ চনৰ ১২ অক্টোবৰৰ বিজয়া দশমীৰ দিনা নিজৰ কাৰ্যালয়ৰ বাহিৰত নৃশংসভাৱে গুলীয়াই হত্যা কৰা হৈছিল প্ৰাক্তন মন্ত্ৰী তথা জাতীয়তাবাদী কংগ্ৰেছ দলৰ নেতা বাবা ছিদ্দিকীক।বৰ্তমান পঞ্জাৱৰ জলন্ধৰ আৰক্ষীয়ে জীশান আখতাৰক গ্ৰেপ্তাৰ কৰিছে। পঞ্জাৱ আৰক্ষীয়ে নিশ্চিত কৰিছে যে বাবা ছিদ্দিকী হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত হৈ থকা একেজন অভিযুক্ত জিশান আখতাৰ।
Komentar