জলকীয়াৰ উপকাৰিতা
- PB Sangbad
- Apr 6
- 1 min read

জ্বলা নোহোৱা খাদ্য খাই বহুতেই বেয়া পায়। খাদ্য খোৱাৰ সময়ত বহু লোকে বিচাৰে এটা জলকীয়া কিন্তু আপুনি জানেনে জলকীয়া আমাৰ স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী
জলকীয়া এবিধ গুল্ম জাতীয় উদ্ভিদ । জলকীয়া আমাৰ স্বাস্থ্যৰ বাবে বহু উপকাৰী । জলকীয়াই হজম শক্তি বৃদ্ধি কৰে। জলকীয়া খালে সোনকালেই আহাৰ হজম হয় । বাতবিষ ৰোগীৰ বাবে শুকান জলকীয়া উপকাৰী। লগতে জলকীয়া খালে দৃষ্টি শক্তি বৃদ্ধি পায়।
জলকীয়াত ভিটামিন 'C' থাকে বাবেই শৰীৰৰ বিভিন্ন ৰোগ ই নিৰাময় কৰে।
অধিক পৰিমাণৰ জলকীয়া খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতি কাৰক। আপুনি খাদ্যৰ লগত এটাকৈ হ'লেও জলকীয়া খালে আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব হজম শক্তি বৃদ্ধি পাব। সেয়ে খাদ্যৰ সৈতে আপুনি জলকীয়াও গ্ৰহন কৰক।
যিয়ে আপোনাক vitamin ' C ' প্ৰদান কৰিব আৰু সুস্থ কৰি ৰাখিব ।
Comments