আজি ৰঙালী বিহুৰ সপ্তম দিন তথা ব’হাগৰ ৬ তাৰিখ
- PB Sangbad
- Apr 20
- 1 min read

আজি সাত বিহুৰ শেষৰ দিন চেৰা বিহু৷এই বিহুক কোনো কোনোয়ে এৰা বিহু বুলিও কয় ৷ প্ৰতিটো বিহুৰ দৰে ৰঙালীৰ চেৰা বিহুৰো বিশেষ গুৰুত্ব আছে। ব’হাগ বিহু সাধাৰণতে চ’তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ মুঠ সাতদিন পালন কৰা হয়। প্ৰত্যেক দিনৰে একোটাকৈ সুকীয়া সুকীয়া নাম আছে।
এই সাতটা বিহুক ‘সাতবিহু’ নামেৰে জনা যায়। চেৰা বিহু হৈছে সাতবিহুৰ শেষৰ দিনটো। চেৰা বিহু বুলিলে সপ্তম আৰু অন্তিম বিহুক বুজায়৷ চেৰা শব্দৰ অৰ্থ হ’ল অৱসান বা ত্যাগ।এই দিনটোত উজনি অসমত কোনো কোনোৱে হাঁচতি আগবঢ়াই বৰগছৰ গুৰিত বিহু উৰাই আহে। উজনি-নামনি উভয়তে সাতশাকী খোৱাৰ নিয়ম আছে।সেই নিয়ম আজিও প্ৰচলিত হৈ আছে।
Comments