top of page

মেক্সিকোত ধৰ্মীয় অনুষ্ঠানৰ মাজতে গুলীবৰ্ষণৰ ঘটনা

  • Writer: pb sangbad
    pb sangbad
  • Jun 26
  • 1 min read

নিউজ ডেস্ক, ২৬ জুনঃ মেক্সিকোত ধৰ্মীয় অনুষ্ঠানৰ মাজতে গুলীবৰ্ষণৰ ঘটনা।নিৰ্বিচাৰ গুলীচালনাত প্ৰাণ গ’ল ১২ জনকৈ লোকৰ। লগতে আহত হৈছে ২০ জনতকৈ অধিক লোক। মঙলবাৰে নিশা মেক্সিকোৰ গুয়ানাজুয়াটো ৰাজ্যত নিৰ্বিচাৰ গুলীচালনা হোৱাৰ ফলত এই ঘটনা সংঘটিত হয়। জানিব পৰা মতে, গুলীচালনাৰ সময়ত ইৰাপুয়াটো চহৰত কোনো ধৰ্মীয় অনুষ্ঠান চলি আছিল। সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’ৰ মতে, চেণ্ট জন দ্য বেপ্টিষ্টৰ উদযাপনৰ বাবে ৰাজপথত মানুহে নৃত্য কৰি সুৰাপান কৰি আছিল। তাৰ মাজত হঠাতে এই গুলীচালনা সংঘটিত হয়।অৱশ্যে কোনে কি কাৰণে এই ঘটনা সংঘটিত কৰিলে এতিয়ালৈকে জানিব পৰা হোৱা নাই।

 
 
 

Comments


Subscribe to Our Newsletter

  • White Facebook Icon

© 2035 by PB Sangabd. Powered and secured by PB Sangbad

bottom of page