আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস
- pb sangbad
- Jun 21
- 1 min read

নিউজ ডেস্ক, ২১ জুনঃ আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস।যোগ হৈছে প্ৰাচীন ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতিৰ এক অমূল্য অৱদান। বিশ্ব যোগ দিৱসৰ লক্ষ্য মানুহক যোগৰ বিষয়ে সজাগ কৰা। যোগ হৈছে ভাৰতৰ পৰাই উৎপত্তি হোৱা এক প্ৰাচীন শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক অনুশীলন।
এই বৰ্ষৰ যোগ দিৱসৰ থীম হ'ল এখন পৃথিৱী আৰু এক স্বাস্থ্যৰ বাবে যোগ।যোগাভ্যাসে শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ জৰিয়তে আমাৰ জীৱনক গতিশীলতা প্ৰদান কৰে।
আজি সমগ্ৰ দেশতে বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে যোগৰ উপকাৰিতাৰ বিষয়ে জনসচেতনতা সৃষ্টি কৰা হ'ব, য'ত যোগৰ বিভিন্ন আসন, ধ্যান আৰু প্ৰাণায়াম আদিৰ অনুশীলন কৰা হ'ব।
Comments